অসমীয়া

স্ংগ্ৰাহক:- পলাশ ডেকা

স্ংগ্ৰাহক:- পলাশ ডেকা


মাখিবাহা হ’ল বিভিন্ন জাতি উপজাতিৰ মিলভুমি, মাখিবাহা গাওঁ অসমৰ এক ইতিহাস প্ৰসিদ্ধ গাওঁ সুদিৰ্ঘ ছশবছৰীয়া ইতিহাসেৰে সমৃদ্ধ এই গাওঁখনি মাখিবাহাবাশীৰ ববে স্বৰ্গসম অতীতত এই ভূখণ্ডত য্থেষ্ট সংখ্যক মৌ-মাখি বাঁহ আছিল, যাৰ বাবেই ঠাইখনৰ নাম ৰখা হৈছিল মাখিবাহা নলবাৰি জিলাৰ টিহু ৰেল ষ্টেচনৰ পৰা দক্ষিণে তিনি কিল’মিটাৰদূৰত্বত মাখিবাহা গাওঁৰ কেন্দ্ৰ

               এই গাওঁৰ জনসংখা প্ৰায় ১৫,০০০, মাটিকালি প্ৰায় ২,২৪৩ বিঘা ১ কঠা ১৬ ১/২ লেচা,শিক্ষিতৰ হাৰ ৯০% বৰ মাখিবাহা,ক্ষুদ্ৰ মাখিবাহা,আৰু শাক্তিপাৰা নামৰ তিনিখন ৰাজহ গাওঁ আৰু জলখানা গাওঁৰ কিয়দাংশ মিলি বৃহত্তৰ মাখিবাহা গ্ৰামোন্নয়ন সমিতি গঠন হৈছে ২১ টা সৰু-বৰ চুবুৰী আৰু নতুনকৈ অনতৰ্ভুক্ত হোৱা কেইতামান পৰিয়ালৰে গঠিত এই গাওঁখনৰ চাৰিটা লাট চাৰিজন গাওঁবুঢ়াই তদৰক কৰে প্ৰতি চুবুৰীৰ ৫০টাপৰিয়ালৰ পৰা সমাজসেৱাৰ মহান কৰ্মৰ বাবে নিৰ্বচিত হৈ অহা ৫০ জন কৰ্যকাৰী সদস্য,৭জন নিৰ্বাচিত পৰামৰ্শদাতাৰ দ্বাৰা মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ কৰ্যকাৰী সমিতি গঠন কৰা হয় এই কৰ্য্কাৰী সমিতিয়ে মাখিবাহা গ্ৰামোন্নয়নৰ সংবিধান আৰু সাধাৰণ সভাৰ নিৰ্দেশনা মানি মাখিবাহা গাওঁৰ উন্নয়্নৰ বাবে যদিও বিভিন্ন অনুষ্ঠান গঢ়ি তুলিছে, মাখিবাহা গ্ৰামোন্নয়ন সমিতিয়ে হৈছে গাওঁখনৰ মূল চালিকা শক্তি

              এই গওঁত বাস কৰি থকা বিভিন্ন জতি-উপজাতি আৰু ধৰ্মলম্বী ধনী-দুখীয়া সকলো শ্ৰেণীৰ নাগৰিকৰ ঐকান্তিক চেস্টা, সহায়-সহযোগিত আৰু ভতৃত্ব্বোধৰ চানেকীয়া সৃস্টি এই মাখিবাহা

             গওঁখনৰ এচম লোক কৃষিকাৰ্য্যৰ লগত জড়িত, যদিও চৰ্কাৰী-বেচৰ্কাৰী চকৰি, ব্যব্সায়,ক্ষুদ্ৰ উদ্যোগ আদিত জড়িত ব্যক্তিৰ সংখা অধিক বিভিন্ন ক্ষেত্ৰত আত্মসহায়ক গোটসমুহেও মাখিবাহা গাওঁৰ অৰ্থ্নৈতিক বুনিযাদ সবলীকৰণত আজি অৰিহণা যোগাইছে বিশেষকৈ মহিলা সকলৰ স্বেৱ্লম্বীতা সমাজৰ বাবে এক শুভলক্ষণ হিচাপে দেখা দিছে    

 

             মাখিবাহাৰ গৈৰৱোজ্জ্ব্ল অতীত বৰ্তমানৰ বাটকটীয়া শিক্ষা-সাহিত্য,কলা-সংস্কৃতি,কৃড়া-চিকিত্‍সা,অৰ্থনীতি-ৰাজ্নীতি,সমাজনীতি সকলো ক্ষত্ৰতীই গওঁৰ এক বৰ্ণাধ্য ইতিহাস বিৰাজমান

            আনুমানিক পোন্ধৰ শতিকাতেই মাখিবাহাত শৈক্ষিক পৰিবেশ সৃষ্টি হোৱাৰ তথ্য প্ৰমান পোৱা যায় পোন্ধৰ শতিকাতে আৰম্ভ হোৱা শৈক্ষিক পৰিবেশৰ আলোকেৰে আলোকিত এই অঞ্চলঅটোৱে আজিও শৈক্ষিক জগতত জয়যাত্ৰা অব্যাহত ৰাখিছে | মাখিবাহাৰ গৌৰবজ্জল শৈক্ষিক ইতিহাসে বৈদ্ধিক উত্তৰণৰ পথ প্ৰশস্ত কৰি তোলাত সহায কৰিছে 

                                                                                                                                                                                                                             পিছত….

 

Leave a comment

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / Change )

Twitter picture

You are commenting using your Twitter account. Log Out / Change )

Facebook photo

You are commenting using your Facebook account. Log Out / Change )

Google+ photo

You are commenting using your Google+ account. Log Out / Change )

Connecting to %s